
হোজাই, ১৬ নৱেম্বৰ (হি.স.): হোজাই আদৰ্শ বজাৰত যোৱা কালি শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ পথ দুর্ঘটনা। দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই পথ দুর্ঘটনা। এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন চালক।
দুর্ঘটনাগ্ৰস্থ বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ ৩১ ডি ৭৮৩৮ আৰু এএছ ০২ কিউ ৩৩৪৭ বুলি জনা গৈছে।উল্লেখযোগ্য হোজাই আদৰ্শ বজাৰত অবৈধ ভাৱে কেইবাখনো বাহন পাৰ্কিং কৰা পৰিলক্ষিত হয়। যাৰবাৱে পূৰ্বেও এই আদৰ্শ বজাৰত সংঘটিত হৈ আহিছে পথ দুর্ঘটনা। ইতিমধ্যে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
