গোলাঘাট, ০৮ আগষ্ট (হি.স.)। ২নং নেঘেৰী বিলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ । সম্পূৰ্ণ সাজু হৈ উঠিছে গোলাঘাট জিলা প্ৰশাসন, বনবিভাগৰ দল আৰু নিৰপেক্ষ বাহিনী। সাজু কৰি তোলা হৈছে প্ৰায় ৭০ খনকৈ বুলড’জাৰ । মোতায়েন কৰা হৈছে প্ৰায় ২ হাজাৰ আৰক্ষী লগতে চি আৰ পি এফ,বনৰক্ষীৰ দল আৰু নাগালেণ্ড আৰক্ষীৰ দল ।
প্ৰশাসনে বিগত ২৪ জুলাই তাৰিখে জাৰি কৰিছিল জাননী । নিৰ্দ্ধাৰিত কৰি দিয়া সময় সীমা অতিক্ৰম কৰিলে। বনবিভাগে জৰীপ কৰা তথ্য অনুসৰি প্ৰায় ২০৫ টা পৰিয়ালক জাৰী কৰিছিল জাননী । উচ্চ ন্যয়ালয়ে দিয়া নিৰ্দেশ অনুসৰি ৫৯ টা পৰিয়ালৰ উচ্ছেদৰ সময়সীমা ১৪ আগষ্টলৈ বৃদ্ধি কৰা হৈছে । আজি পুৱা আঠ বজাৰ লগে লগেই চলিব ১৪৬ টা বাসগৃহত বুলড’জাৰ । প্ৰশাসনে জাৰি কৰা সময়ৰ ভিতৰতেই ইতিমধ্যে ৯০ শতাংশ লোকেই নিজৰ নিজৰ ঘৰ খালি কৰি অন্য স্থানলৈ ঢাপলি মেলিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
