ধেমাজী, ২৭ জানুৱাৰী। অহা ১ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়াকৈ নৱম সংখ্যক মিচিং যুৱ মহোৎসৱ উদযাপনক লৈ যুদ্ধকালীন প্ৰস্তুতি বগীবিলৰ সমীপৰ কাৰেং চাপৰিত ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং সকলৰ নৱম সংখ্যক ”মিচিং যুৱ মহোৎসৱ অহা ১ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হব বগীবিল কাৰেং চাপৰিৰ লুইতৰ পাৰত ৷
মুল তোৰণৰ পৰা মুল মঞ্চলৈ, বিপনীৰ পৰা অতিথিশাললৈ আটকধুনীয়াকৈ নিৰ্মাণ কৰাত ব্যস্ত মিচিং জাতীয় সংগঠনৰ কৰ্মীসকল৷ উল্লেখযোগ্য যে এইবাৰৰ পৰা প্ৰতিবছৰে ”টাকাম মিচিং পৰিন কৗবাং’ চমুকৈ টিএমপিকেৰ নেতৃত্বত বগীবিল কাৰেং চাপৰিত স্হানীয়ভাবে অনুষ্ঠিত হ’ব লগা মিচিং যুৱ মহোৎসৱত ১২শ বিঘা ভূমিত প্ৰায় দহ হেজাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিব ।
মহোৎসৱত মিচিং জনগোষ্ঠীৰ থলুৱা পৰম্পৰা কৃষ্টি সংস্কৃতি, নৃত্য-গীত, বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী সকলে আহি গীত পৰিৱেশন কৰিব ।৩ ফেব্ৰুৱাৰীৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু অন্তিম দিনাৰ মুকলি সভাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অসমৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক লগতে বিভিন্ন জাতীয় দল সংগঠনৰ মুৰব্বী সকলে উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সম্পাদক তথা স্হানীয় বিধায়ক ভূৱন পেগুয়ে সদৰি কৰিছে ।
