দক্ষিণ ২৪ পৰগনা (পশ্চিম বংগ), ১৬ নৱেম্বৰ (হি.স.)। ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় জলসীমা পাৰ হোৱাৰ অপৰাধত বাংলাদেশত বন্দী হৈ থকা কাকদ্বীপৰ মাছমৰীয়া বাবুল দাস ওৰফে বোবা নামৰ এজন মাছমৰীয়াৰ মৃত্যু হয়। শনিবাৰে তেওঁৰ পৰিয়ালে এই তথ্য লাভ কৰে। কাৰাগাৰত অমানৱীয় ব্যৱহাৰৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ অভিযোগ উত্থাপন কৰে। কিন্তু বাংলাদেশ উচ্চায়ুক্তই প্ৰাথমিক তথ্যৰ ভিত্তিত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি উল্লেখ কৰে।
খবৰ পোৱা গৈছে যে চলিত বৰ্ষৰ ১৩ জুলাইত গভীৰ সাগৰত মাছ ধৰাৰ বাবে দক্ষিণ ২৪ পৰগনাৰ কাকদ্বীপৰ পৰা এফ বি মংগলচণ্ডি-৩৮ আৰু এফ বি ঝড় নামৰ দুখন ট্ৰ’লাৰ ৰাওনা হৈছিল। এই অভিযানৰ সময়ত ট্ৰলাৰ কেইখন বাংলাদেশৰ জলসীমাত প্ৰৱেশ কৰাৰ ফলত বাংলাদেশৰ নৌসেনাই ৩৪ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰি মংগলা বন্দৰ থানাত গতাই দিয়ে। ১৫ জুলাইত বাগেৰহাট আদালতে আটাইকেইজনক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।
মৃতকৰ ভাতৃ বাসুদেৱ দাসে প্ৰথমে হাৰউড পইণ্ট উপকূলীয় আৰক্ষী থানাৰ পৰা এই মৃত্যুৰ তথ্য লাভ কৰা বুলি উল্লেখ কৰে। পিছত এই কথা নিশ্চিত কৰে বাংলাদেশ উচ্চায়ুক্তই। বাসুদেৱে উল্লেখ কৰে যে তেওঁৰ ভাতৃৰ কোনো গুৰুতৰ ৰোগ নাছিল আৰু তেওঁ সম্পূৰ্ণ সুস্থ আছিল। কাৰাগাৰত মাৰপিট বা অত্যাচাৰৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে। পৰিয়ালৰ লোকে মৃতদেহটো কাকদ্বীপলৈ আনি দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দাবী জনাইছে। এই ঘটনাই সীমান্তৰ সিপাৰে মাছমৰীয়াসকলৰ সুৰক্ষা আৰু ব্যৱহাৰক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
