
নগাঁও, ১৬ নৱেম্বৰ (হি.স.): অৱশেষত চাবুৱা আৰক্ষীৰ জালত পৰিছে ডিকমৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ড । ৰহস্যময় ডকাইতি কাণ্ডৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ড ৰাজু চেত্ৰীক আটক কৰা হৈছে । মাষ্টাৰ মাইণ্ড ৰাজু চেত্ৰীৰ পৰা নগদ ৫ লাখ ৭০ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে । ৰাজু চেত্ৰীক ঢকুৱাখনাৰ পৰা আটক কৰে চাবুৱা আৰক্ষীয়ে।
উল্লেখযোগ্য যে যোৱা দুটা দিনত চাবুৱা চক্ৰ আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়া আৰু চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন শইকীয়াৰ নেতৃত্বত ঢকুৱাখনাত কেইবাটাও স্থানত অভিযান চলাই নগদ ৬ লাখ টকা সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এই ডকাইতি কাণ্ডৰ সৈতে জৰিত মুল মাষ্টাৰ মাইণ্ড ৰাজু চেত্ৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশেষত চাবুৱা চক্ৰ আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াই ঢকুৱাখানাৰ এটা বিশেষ স্থানত বাহৰ পাতি ডিকমৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ৰাজু চেত্ৰীক আটক কৰিবলৈ সক্ষম হয় লগতে চেত্ৰীৰ লগত থকা ৫লাখ ৭০ হাজাৰ নগদ ধন জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
