
কাৰ্বি আংলং, ২৫ নৱেম্বৰ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱৰ যুৱক সংঘৰ উদ্যোগত আৰু ব্যৱস্থাপনাত বিগত বৰ্ষবোৰৰ দৰে অহা ২৭, ২৮ আৰু ২৯ নৱেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো বি-কাংথিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত উদযাপন কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই থকা হৈছে। এই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি পৰিচালনা কৰিবৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক মুখ্য পৃষ্ঠপোষক আৰু টিকেন্দ্ৰ হোকাইক সভাপতি আৰু পৱিত্ৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ পৰিচালনা সমিতি গঠন কৰা হৈছে।
কাৰ্যসূচী অনুসৰি ২৭ নৱেম্বৰত পৰিবেশ নিকাৰণ, অস্থায়ী গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠ, ঈশ্বৰৰ ওচৰত নৈবেদ্য অৰ্পণ, দুপৰ প্ৰসংগ, স্থানীয় আইসকলৰ দ্বাৰা দিহানাম পৰিবেশন, গাণিকা জোৰা আৰু নিশা ৯ বজাত কেলি গোপাল নাট প্ৰদৰ্শন কৰা হ’ব। ২৮ নৱেম্বৰত পৰিবেশ নিকাৰণ, ভাগৱত পাঠ, ঈশ্বৰৰ ওচৰত নৈবেদ্য অৰ্পণ, দুপৰ প্ৰসংগ, সমুহীয়া দিহানাম পৰিবেশন, গাণিকা জোৰা আৰু নিশা ৮ বজাত স্থানীয় মহিলা সকলৰ দ্বাৰা অংকীয়া নাট কুৰুসন্ধ্যা ভাওনা প্ৰদৰ্শন কৰা হ’ব । কাৰ্যসূচীৰ শেষৰ দিনা অৰ্থাৎ ২৯ নৱেম্বৰত নিশা আঠ বজাত স্থানীয় যুৱক সংঘৰ শিল্পীৰ দ্বাৰা আৰু নৰুৱা গাৱঁৰ বিশ্বজিৎ বৰাৰ পৰিচালনাত এখনি মঞ্চ সফল সামাজিক নাট নৰপশু প্ৰদৰ্শন কৰা হ’ব । সেয়েহে সকলো ৰাসপ্ৰেমী ৰাইজকে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো উপভোগ কৰাৰ বাবে আহ্বান জনাইছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
