-মথাউৰিৰ ওপৰতে টিঙৰ চালিৰ তলতে চলাই গৈছে জীৱন যুঁজ
গোলাঘাট ১৮ জুলাই (হি.স.): ধনিশিৰী নৈৰ বানৰ সংহাৰ সম্পূৰ্ণৰূপে শেষ হল। কিন্তু শেষ নহ’ল ৰাইজৰ যন্ত্ৰণা। বানবিধ্বস্ত মৰঙিৰ কেন্দুগুৰি অঞ্চলত এতিয়াও মথাউৰীতে বাস কৰি আছে বহু পৰিয়ালে।
কেন্দুগুৰি মথাউৰীত নিজৰ সন্তানক বুকুত বান্ধি এখন টিঙৰ চালিৰ তলত বাস কৰিছে মালতী উৰাঙৰ পৰিয়ালে। এতিয়াও সপোনৰ ঘৰখনলৈ গৈ থাকিব পৰা হোৱা নাই । কাৰণ এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পলস। উপায় বিহীন পৰিয়ালটোৱে এতিয়া বাস কৰিছে মথাউৰীতে। তেওঁ লোকৰ বিননি শুনোতা কোনো নাই। এইসকল বানবিধস্তৰ চকুলো চকুতে শুকাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
