শোণিতপুৰ, ১৯ নৱেম্বৰ (হি স)। নতুনকৈ নিয়মীয়া শিক্ষক হিচাপে নিয়োগৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে টেট শিক্ষক সন্থাই। টেট শিক্ষক সকলক অসম চৰকাৰে নিয়মীয়া কৰণৰ বাবে গ্ৰহন কৰা পদক্ষেপক গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত টেট উৰ্ত্তীৰ্ণহৈ প্ৰাথমিক শিক্ষক হিচাপে কৰ্মৰত ঠিকা ভিত্তিক শিক্ষক সকলক বৰ্ত্তমান চৰকাৰে নিযুক্তি পোৱাৰ দিনৰ পৰাই নিয়মীয়াকৰন কৰাৰ দাবী জনাইছে।
আনহাতে চৰকাৰে শেহতীয়াকৈ নতুনকৈ নিয়মীয়া শিক্ষক হিচাপে নিয়োগৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি সন্হাই অসমৰ মুখ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাই এই সকল মেধাবী শিক্ষকৰ নিয়মীয়া কৰন শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভনিৰ দিনাৰ পৰাই নিয়মীয়া কৰন কৰাৰ দাবী জনাইছে টেট উৰ্ত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাই। এই উপলক্ষে আজি তেজপুৰ কেতেকীবাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত আৰু দ্বিশতাধিক শিক্ষকে অংশ গ্ৰহন কৰা এক সভাত অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে শিক্ষক সকল অনিচ্ছা সত্বেও ৰাজপথলৈ আহিবলৈ বাধ্য হ’ব বুলি টেট উৰ্ত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্মিলনৰ জিলা সভাপতিগৰাকীয়ে সদৰি কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
