নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। ভাৰতীয় বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমান এখন আজি (দেওবাৰ) গাজাত ইজৰাইল-হামাছ যুদ্ধত আবদ্ধ সাধাৰণ নাগৰিকক সহায় কৰিবলৈ ৩২ টন সাহায্য সামগ্ৰী লৈ ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হয় । ভাৰতে পেলেষ্টাইনৰ নাগৰিকক মানৱীয় সাহায্য আগবঢ়াই যাব বুলি উল্লেখ কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই তথ্য টুইটাৰত ভাগ-বতৰা কৰাৰ সময়তে কয় যে আমি পেলেষ্টাইনৰ জনসাধাৰণক মানৱীয় সাহায্য আগবঢ়াই যাম। ভাৰতৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ চি-১৭ বিমান ৩২ টন সাহায্য সামগ্ৰী লৈ যাত্ৰা কৰিছে। ইয়াৰ পূৰ্বেও ভাৰতে গাজাত আবদ্ধ হৈ থকা লোকসকলক সহায় কৰিবলৈ যোৱা ২২ অক্টোবৰত বায়ুসেনাৰ বিমানেৰে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল। এই ভাৰতীয় বিমানখন ইজিপ্তৰ এল আৰিছ বিমানবন্দৰত অৱতৰণ কৰিব আৰু সাহায্য সামগ্ৰী সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
