
ডিব্ৰুগড়, ১৫ নৱেম্বৰ (হি.স.): ডিব্ৰুগড়ৰ খনীয়াগাঁৱত যোৱাকালি মঙলবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিমিখতে ভস্মীভূত হয় সুখমণি নায়ক নামৰ মহিলা গৰাকীৰ বাসগৃহ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ লয় অগ্নিকাণ্ডই।
ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই ভস্মীভূত হয় বাসগৃহটো। নগদ ধন সহ সা- সম্পত্তি সম্পূৰ্ণ ৰূপে জাহ যায় অগ্নিকাণ্ডত। ঘৰৰ সকলোৱে কালীপূজাৰ বিসৰ্জনলৈ গৈছিল। ঘৰত আহি পোৱাৰ পূৰ্বে ভস্মীভূত বাসগৃহ। চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সংঘটিত হোৱা আশংকা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
