কাছাৰ, ২৫ জুন (হি.স.): নিউ হাফলং-জাতিংগা লামপুৰ ৰে’লৱে ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত বাতিল কৰা কেইবাখনো ৰে’ল। ভূমিস্খলনৰ ফলত ৰে’লপথ আৱদ্ধ হৈ পৰাত বন্ধ হৈ আছে লামডিং-শিলচৰৰ মাজৰ সকলো ৰে’লৰ যাতায়াত। ৰে’ল বাতিলৰ বাবে বহু অসুবিধা সন্মুখীন হৈছে শিলচৰ ৰে’ল ষ্টেচনৰ যাত্রী সকল।
পাহাৰৰ কটা অংশৰ পৰা নামি অহা পানীয়ে ভৰাই পেলাইছে ৰে’লপথ। ইফালে ৰে’ল চলাচল পুনৰুদ্ধাৰ বাবে জোৰদাৰ কাম চলিছে। ইপিনে শিলচৰ পৰা গুৱাহাটী ডিমাহাছাও হৈ যোৱা জাতিঙ্গা লামপুৰ এলাকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত পথ আৰু ৰে’ল যোগাযোগ বিঘ্ন ঘটাৰ খবৰ পোৱাৰ পিছত ভূমিস্খলনৰ স্থান পর্ৰিদর্শন কৰি বুজ ল’বলৈ যোৱাকালি মঙলবাৰে বিয়লি উপস্থিত হয় মন্ত্রী কৌশিক ৰায় । তেওঁ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা আৰু ৰেলেৱে উচ্চতম কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি যাতায়ত ব্য়ৱস্থা সোনকালে বাহাল কৰাৰ ওপৰত গুৰুত্ব দিয়ে l
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
