দক্ষিণ শালমাৰা মানকাচৰ, ০৩ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ হাটশিঙিমাৰীৰ ছূপাৰ মাৰ্কেটত দূৰ্গা পূজাৰ বিসৰ্জনৰ দিনাই সন্ধিয়া এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত নিমিষতে ভস্মীভূত হ’ল এখন দোকান ঘৰ ৷
জানিব পৰা মতে মাতিনুৰ ইছলাম নামৰ দোকানী এজনৰ দোকান ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
জাল সুতাৰ দোকান খন সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।
অগ্নিকাণ্ডত কুৰি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় বুলি কোৱা হৈছে।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপক কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যূতৰ শ্বট ছাৰ্কিটৰ ফলত অগ্নি সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
