
ধুবুৰী, ২০ নৱেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ গোলকগঞ্জত কালি আবেলি চোৰাং সোন সহ এজন যুৱকক আটক কৰা হৈছে। যুৱকজনৰ পৰা উদ্ধাৰ ৮০ তোলা সোন। সোনখিনিৰ বজাৰ মূল্য ৫৬ লাখ টকা বুলি জানিব পৰা গৈছে। আটকাধীন যুৱকজনৰ নাম আইনাল হক।
গোলোকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ সীপাৰৰ ভোকডাঙাত ঘৰ যুৱক জনৰ। আটকাধীন যুৱক জনে সোন খিনি লৈ এ এছ ১৭ এফ ২৫৪৪ নম্বৰৰ এখন হিৰ ছুপাৰ স্প্লেণ্ডাৰ বাইকেৰে গৌৰীপুৰ অভিমুখে গৈ আছিল। কিন্তু গোপন সূত্ৰৰ পম খেদি গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ নান্দিনীপাৰত যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। পিছত তালাচী চলোৱাত যুৱক জনৰ গোপন স্থানৰ পৰা সোন খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰীতি অধিক তথ্যৰ বাবে যুৱক জনক সোধপোচ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
