শোণিতপুৰ, ০৮ নৱেম্বৰ (হি.স.)। জামুগুৰিহাটত শ শ বিঘা পকা ধানত শুৰ পোকৰ তাণ্ডৱ । ঠোকে ঠোকে চিঙিছে ৰঙচুৱা ধান ।
জামুগুৰিহাটৰ বাপুনীপামৰ ধাননি পথাৰত এতিয়া চলিছে শুৰ পোকৰ তাণ্ডৱ। পকীবলৈ ধৰা ধাননি পথাৰত শুৰ পোকৰ তাণ্ডৱে নিদ্ৰা হৰিছে কৃষক ৰাইজৰ। শুৰ পোকে ঠোকে ঠোকে ছিঙিছে সোণোৱালী ধান । জীয়া ভৰলী নদীৰ পাৰৰ শ শ বিঘা ধাননি পথাৰৰ সোণোৱালী ধান শুৰ পোকে ছিঙি তহিলং কৰাত এতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে । মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে কৰা ধানখেতিত এতিয়া শুৰ পোকৰ উপদ্ৰৱৰ ফলত মানসিকভাৱে ভাগি পৰিছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এইসকল কৃষক। নিৰুপায় এইসকল কৃষকে এতিয়া তেওঁলোকৰ ধাননি পথাৰৰ অসহনীয় ৰূপ প্ৰত্যক্ষ কৰিবলৈ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
