
ধুবুৰী, ১৬ নৱেম্বৰ : ধুবুৰীৰ নয়াহাট মুৰাবাৰী, শৌলমাৰী,পাটিমাৰী অবৈধ শিল বালি মহলৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উঠিছে । ধুবুৰী জিলা বন সংমণ্ডল বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মূৰাবাৰী, শৌলমাৰী পাটিমাৰী মহলত অসমত কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নথকা ড্ৰেজাৰ মেচিন, ফক লেনেৰে প্ৰতি দিনে নিশাই টিপকাই নৈৰ বুকুত খননকাৰ্য চলাই আছে। এইক্ষেত্ৰত বিশ্বজিৎ ব্ৰহ্ম, হাফিজুৰ, ৰাজু হঁতৰ নেতৃত্বত অবৈধ চালান বিহীন ভাৱে ড্ৰেজাৰ মেচিন, ফক লেনেৰে টিপকাই নৈৰ বুকুত অবৈধ খননকাৰ্য অব্যাহত ৰখাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে ধুবুৰী জিলা আৰক্ষী প্ৰশাসন, বিলাসী পাৰা মহকুমা আৰক্ষী বিষয়া, বন সংমণ্ডল বিষয়া, আনকি সাপটগ্ৰাম আঞ্চলিক বন বিষয়া শৰদ কুমাৰ দাসে কমিশ্যনৰ অংকত মত্ত হৈ এইদৰে খননকাৰ্য অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে অসমৰ বলিষ্ঠ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ লগতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে উক্ত মহলৰ পইন্ট সমূহত অসম চৰকাৰৰ ৰাজহ কৰ আদায় নিদি অবৈধ ভাৱে শিল বালিৰ ৰমৰমীয়া বেহা চলাই থকা সকলৰ বিৰুদ্ধে পদক্ষেপ লোৱাতো বিচাৰিছে সচেতন মহলে।
