ধুবুৰী, ২৬ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ চৰাইখোলাত এক অঘটন সংঘটিত হৈছে। যোৱা কালি মঙ্গলবাৰে নিশা নাবালিকাক পলুৱাই নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এজন যুৱক। যুৱক জন বৰুণডাঙাৰ জাকিৰ হুছেইন প্ৰধানীৰ পুত্ৰ মেহেবুব প্ৰধানী বুলি জনা গৈছে।
মেঘালয়ৰ পঞ্জীয়ন ভুক্ত চাৰিচকীয়া বাহনেৰে অপহৰণ কৰিব আহিছিল আন দুজন বন্ধুৰ সৈতে। পিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ খেদি খেদি আটক কৰি উত্তম মাধ্যম সোধায় যুৱক জনক। খবৰ পাই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি থানালৈ নিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
