ইটাৱা, ১৬ নৱেম্বৰ : নতুন দিল্লীৰ পৰা বিহাৰৰ ছাহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছৰ এছ-৬ ডবাত অগ্নিকাণ্ড সংঘটিত হৈ ১৯ জন যাত্ৰী আহত হয়। বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰা হয় আৰু আহত যাত্ৰীসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ১১ জন যাত্ৰীৰ সংকটজনক অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক চাইফাই চিকিৎসা বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ১২ ঘণ্টাৰ ভিতৰত ৰে’লত অগ্নিকাণ্ড সংঘটিত হোৱাৰ এয়া দ্বিতীয়টো ঘটনা। ক্ষতিগ্ৰস্ত দবাটো পৃথক কৰি ৰে’লখন গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়।
ঘটনাস্থলীত উপস্থিত হোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) সতপল সিঙে জনোৱা মতে, নিশা প্ৰায় ২ বজাত ইটাৱা ৰেলৱে ষ্টেচনৰ সমীপৰ মাইনপুৰী ৰেলৱে ক্ৰছিঙৰ ওচৰত নতুন দিল্লীৰ পৰা বিহাৰৰ ছাহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছ (১২৫৫৪ নম্বৰ ৰে’ল)ৰ এছ-৬ দবাত অগ্নিকাণ্ডৰ বিষয়ে তথ্য লাভ কৰে নিয়ন্ত্ৰণ কক্ষৰ পৰা। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰি আহত যাত্ৰীসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰে। গুৰুতৰভাৱে আহত এঘাৰজন যাত্ৰীক ছাইফাই চিকিৎসা বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে অগ্নিকাণ্ডৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি কোৱা হৈছে, ৰে’ল প্ৰশাসনে ঘটনাৰ তদন্ত কৰাৰ পিছত বিতং তথ্য পোহৰলৈ আহিব।
ষ্টেচন অধীক্ষক পুৰনমল মীনাই জনোৱা মতে, আহত যাত্ৰীসকলৰ ভিতৰত ৮ জন যাত্ৰী অগ্নিদগ্ধ হোৱাৰ ফলত অসুস্থ হৈ পৰে আৰু এঘাৰজন যাত্ৰী ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ অসুস্থ হৈ পৰে। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দবাটো ৰে’লৰ পৰা পৃথক কৰি ৰে’লখন গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে।
