বঙাইগাঁও, ০৪ ডিছেম্বৰ(হি.স.)। বঙাইগাঁও জিলাৰ মাণিকপুৰস্থিত গোবিন্দ ভৱন গীতা সত্ৰত অহা ১৩, ১৪ আৰু ১৫ ডিচেম্বৰ তাৰিখে মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ দেৱৰ ১২৮ সংখ্যক জন্মোৎসৱ তথা ১২৮ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া কাৰ্যসূচী হিচাপে প্ৰথম দিনা প্ৰাতঃ প্ৰসংগ, বৃক্ষ ৰোপণ, সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান, তোৰণ উন্মোচন, ধৰ্মালোচনী সভা বন্তি প্ৰজ্বলন, গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, ভাওনা প্ৰদৰ্শন আদি কাৰ্যসূচী ৰূপায়ন কৰিব।
দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে অহোৰাত্ৰ অখণ্ড নাম কীৰ্তন, অষ্টপ্ৰহৰ নাম যজ্ঞ, পৰমাৰাধ্য গুৰুজনাৰ প্ৰতিচ্ছবি লৈ ভাগৱত শোভাযাত্ৰা, ১২৮ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱৰ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী। অন্তিম দিনা তথা ১৫ ডিচেম্বৰত ”ভক্ত সন্মিলন আৰু উৎসৱৰ সামৰণি” কাৰ্যসূচীৰ জড়িয়তে মহোৎসৱৰ সামৰনি পৰিব।সত্ৰ পৰিচালনা সমিতিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহোৎসৱত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
