কামৰূপ, ২৩ জুলাই (হি.স.)। ক্ষেত্ৰীৰ ভেৰাকুছিত অচিনাক্ত পুৰুষ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভেৰাকুছিৰ বিপ্লৱ চেত্ৰী নামৰ লোকজনৰ শাকনিবাৰীত আজি পুৱা লোকজনে মৃতদেহটো প্ৰত্যক্ষ কৰি ক্ষেত্ৰী আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী পৰ্যায়ত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
লংপেণ্ট-চাৰ্ট পৰিহিত প্ৰায় ৪০ বৰ্ষীয় লোকজনৰ মুখমণ্ডল উৱলি যোৱালৈ চাই প্ৰায় তিনি-চৰিদিন পূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। মৃতদেহটো কৰ পৰা কেনেকৈ এই স্থান পালে, এয়া হত্যা নে আন কিবা দুৰ্ঘটনা সেয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
