ধেমাজি, ১৮ ফেব্ৰুৱাৰী : ধেমাজি জিলাৰ জোনাইৰ শিলিখাগুৰীত যোৱাকালি শনিবাৰে সন্ধিয়া ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। ৰঙিয়া পৰা অহা মূৰ্কংচেলেক ৰেলে প্ৰায় ৫০০ মিটাৰ দূৰলৈ মহতিয়ালে চাৰিচকীয়া অল্টো বাহন এখন। জোনাইৰ শিলিখাগুৰিত শনিবাৰে সন্ধিয়া প্ৰায় সাত বাজি ১৫ মিনিটত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
জানিব পৰা মতে, ৰঙিয়াৰ পৰা মুৰ্কংচেলেকলৈ আহি থকা পেচেঞ্জাৰ এক্সপ্ৰেছখনে মহতিয়ালে এখন চাৰিচকীয়া বিলাসী বাহন। শিলিখাগুৰি পৰা ৰায়াং মিলিটেৰী কেম্পলৈ যোৱা পথৰ ওপৰত থকা ৰে’ল ক্ৰচিং পাৰ হ’বলৈ লওতেই চাৰি চকীয়া বাহনখনক ৰঙিয়া পৰা মূৰ্কং চেলেকলৈ আহি থকা ৰে’লখনে প্ৰায় ৫০০ মিটাৰ দূৰলৈ মহতিয়াই নিয়ে। এই ঘটনাত চাৰিচকীয়া বাহনখনত থকা চালক অপূৰ্ব সোণোৱাল ওৰফে মইনা সোণোৱাল নামৰ এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী থিতাতে নিহত হয়।
ইফালে এই দুৰ্ঘটনাৰ পাছতে ঘটনা স্থালীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সুচনা কৰে। প্ৰতিবাদী লোকসকলে উন্মুক্ত ৰে’ল ক্ৰচিং এদিনৰ ভিতৰত নিৰ্মাণৰ দাবী তোলে। অন্যথা ৰে’লৰ চিৰি উঠাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। আনহাতে ৰে’ল দুৰ্ঘটনাৰ পিছতে প্ৰায় ৩ ঘণ্টা ৩০ মিনিট আৱদ্ধ হৈ ৰয় ৰঙিয়া মূৰ্কংচেলেক পেচেঞ্জাৰ ৰে’ল খন। তদুপৰি প্ৰায় ২ ঘণ্টা ৩০ মিনিট মূৰ্কংচেলেক ৰেলৱে ষ্টেচনতেই আৱদ্ধ হৈ ৰয় মূৰ্কংচেলেক গুৱাহাটী লাচিত এক্সপ্রেছ খন। ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।
