ধেমাজি, ৩০ জানুৱাৰী (হি.স.): সমগ্ৰ অসমৰ লগতে ধেমাজিতো উদযাপন কৰা হ’ব আহোম জনগোষ্ঠীৰ উপৰিপুৰুষসকলক স্মৰণ কৰা পৱিত্ৰ অনুষ্ঠান মে–ডাম–মেফী ৷ ধেমাজি সদৰ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নৱম বাৰ্ষিক কেন্দ্ৰীয় মে ডাম মেফীৰ বাবে ইতিমধ্যে ধেমাজি কাচাৰী ময়দানত অব্যাহত আছে ব্যাপক প্ৰস্তুতি ৷
আটাছুৰ কৰ্মীসকলেয়ে কাচাৰী ময়দানত আটকধুনীয়া তোৰণ, মঞ্চ, মণ্ডপ, মৈদাম নিৰ্মাণ কৰি উলিওৱাৰ লগতে পতাকা উত্তোলন বেদী, স্মৃতি তৰ্পণ বেদীও সাজু কৰি তুলিছে ৷ এইবাৰৰ মে ডাম মেফী অনুষ্ঠানতে ধেমাজি আটাছুৱে আতন বুঢ়াগোহাঁই বঁটা প্ৰদান কৰিব ৰাজ্যৰ অন্যতম উদ্যোগী মহিলা তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক ৷
ইপিনে মুকলি সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ বিষয়ববীয়াৰ লগতে অসমৰ কেইবাগৰাকী বৰেণ্য বুদ্ধিজীৱীয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
