–ড্ৰাগছ সৰবৰাহকাৰী চৰিফুল ইছলামক আটক
গোৱালপাৰা, ৩০ জানুৱাৰী (হি.স.): গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱাকালি সোমবাৰে নিশাৰ ভাগত চলোৱা তালাচী কালত গোৱালপাৰাৰ পৰা আগিয়া অভিমুখী এ এছ ১৭ ই ৯৫৮৯ নম্বৰৰ চুইফট ডিজেয়াৰ এখনত দহটা চাবোন কেচৰ ভিতৰত এশ দহ গ্ৰাম ব্ৰাউন চুগাৰ লৈ গৈ থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে ব্ৰাউন চুগাৰ সৰবৰাহকাৰী চৰিফুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে আগিয়া আৰক্ষী থানাত ব্ৰাউন চুগাৰ সৰবৰাহী ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মৃত আজগৰ আলিৰ পুত্ৰ চৰিফুল ইছলামক (৩৪) ইছলামক জেৰা অব্য়াহত ৰাখিছে । জানিব পৰা মতে ইতিমধ্যে গাড়ী খনত তিনিজনকৈ সৰবৰাহকাৰী আছিল যদিও দুজনে নিশাৰ এন্ধাৰৰ সুযোগলৈ পলাই যাবলৈ সক্ষম হয় ।
