–সংবাদ মাধ্যমে সমাজত প’জিটিভিটী আনিব লাগে, নিগেটিভিটী নহয়–ইউ জি ব্ৰহ্ম
বাক্সা, ১৫ ফেব্ৰুৱাৰী : নৱগঠিত তামুলপুৰ জিলাকে ধৰি বাক্সা জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ২১গৰাকী সাংবাদিকক বাক্সা জিলাৰ মুছলপুৰস্থিত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পঠিওৱা শুভেচ্ছামূলক উপহাৰসমূহ প্ৰদান কৰা হয়। এই উপহাৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই।
মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কত বহুমূলীয়া মতামত দাঙি ধৰে। বৰ্তমান অসমৰ মূলসুঁতিৰ সাংবাদ মাধ্যমৰ বিপৰীতে প”ৰ্টেল সংবাদ মাধ্যমৰ উত্থান সম্পৰ্কে কয়, পৰ্টেলক নিয়ন্ত্ৰণ কৰাটো ৰাজ্যিক পৰ্যায়ত সম্ভৱ নহয়; ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আলোচনা হ”ব লাগে। অৱশ্যে তেওঁলোকৰ প্ৰয়োজনীয়তাকো উলাই কৰিব নোৱাৰি। ইফালে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে নিজৰ ভাষণৰ মাজত উল্লেখ কৰে, সমাজ গঠনত সাংবাদিকৰ যথেষ্ট ভূমিকা আছে। সেই ভূমিকা হ’ব লাগে ইতিবাচক। সাংবাদিকে এখন সমাজ ভাঙিবও পাৰে, গঢ়িবও পাৰে। গতিকে আমি কোনফালে আগবাঢ়ি যাব লাগিব, নিজেই ভবা উচিত। আশা কৰো, আপোনালোকে যোগাত্মক দিশত আগবাঢ়ি সমাজ গঢ়াত সহায় কৰিব।
আদৰণী ভাষণ আগবঢ়াই বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ময়ো সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কত চমু বক্তব্য আগবঢ়ায়। বাক্সা জিলাৰ জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, এ চি এছৰ আহ্বানমৰ্মে তামুলপুৰৰ দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক উৎপল ডেকাই সাংবাদিকসকলৰ পেন্সনকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত চমু বক্তব্য ৰাখে। জিলা আয়ুক্তগৰাকীয়ে সভাৰ আঁত ধৰাৰ উপৰি শলাগৰ শৰাই আগবঢ়ায়। তেখেতে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা শুভেচ্ছামূলক উপহাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা কৰে।
জিলা আয়ুক্তগৰাকীৰ সহযোগত উপহাৰসমূহ বিতৰণ কৰে মাননীয় কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ বিধানসভাৰ মাননীয় অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম আৰু পাৰিষদ মণ্টু বড়োৱে। আজিৰ উপহাৰ বিতৰণী অনুষ্ঠানত এছ ডি অ” (সদৰ) ডঃ দীপাংকৰ নাথ, আয়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে বাক্সা জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰীসকলৰ উপৰি নৱগঠিত তামুলপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাও উপস্থিত থাকে।
