
কোকৰাঝাৰ, ০৫ জুলাই (হি.স.): বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছন পৰা শুভম চক্রবৰ্তীয়ে পদ ত্যাগ কৰাৰ পিছত যোৱা কালি শুকুৰবাৰে আনুষ্ঠানিক ভাবে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনত যোগদান কৰে। এই সন্দৰ্ভত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কালি সন্ধিয়া এখন সভাৰ আয়োজন কৰে । উক্ত সভাৰ সভাপতিত্ব কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্রীয় সভাপতি মহানন্দ সৰকাৰে। উক্ত সভাত শুভম চক্রবৰ্তীক আদৰণি জনায় সভাপতি মহানন্দ সৰকাৰে।
উক্ত যোগদান সভাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্রীয় সভাপতি মহানন্দ সৰকাৰৰ লগত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বি টি আৰ জোনাল সমিতিৰ সভাপতি ৰাজীব সৰকাৰ, সংগঠনিক সম্পাদক চন্দন মণ্ডলৰ লগত কোকৰাঝাৰ জিলা আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সভাপতি , সম্পাদক আৰু সদস্য সকল।
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনত যোগদান কৰি শুভম চক্রবৰ্তীয়ে কয় যে যোৱা ১৩ বছৰ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনত কোকৰাঝাৰ শাখা সমিতিৰ সভাপতি, মুখ্য উপদেষ্টা আৰু কোকৰাঝাৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক হিচাপে কাম কৰি আছিল। পিছে সংগঠনটোৰ কিছুমান মানুহৰ বাবেই বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছন সংগঠন ত্যাগ কৰিছে বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
