উপস্থিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে সমষ্টিৰ বিষয়ববীয়া
বৰপেটা, ১০ ডিচেম্বৰ (হি.স.)। আজি বজালী বিধান সভা সমষ্টিৰ অসম গণ পৰিষদৰ দলীয় কাৰ্যালয়ত অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক স্মৰণ কৰে অসম গণ পৰিষদৰ নেতা কৰ্মী সকলে।
ইয়াৰ লগত সংগতি ৰাখি এখন সাধাৰন সভা অনুষ্ঠিত কৰে। বজালী জিলা অগপৰ সভাপতি জিন্তু চৌধুৰীয়ে সভাপতিত্ব কৰা সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি ড° ৰঞ্জিত ডেকা, কেন্দ্ৰীয় মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়, বজালী বিধান পৰিষদৰ সম্পাদক ববুল আহমেদৰ লগতে দলীয় কৰ্ম কৰ্তা সকল । উক্ত সভাতে অসম গণ পৰিষদ দলৰ প্ৰতিজন কৰ্ম কৰ্তাই প্ৰতিজ্ঞা বদ্ধ হয় যে আগন্তুক সময়ত অসম গণ পৰিষদ দলক আগুৱাই লৈ যাবলৈ সংকল্প লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.
