গোলাঘাট, ০৬ ফেব্ৰুৱাৰী। গৰুচোৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে দেৰগাঁৱৰ দীঘলিপাম । ৰাইজে কৰায়ত্ব কৰে দুটাকৈ গৰু চোৰ। বিগত সময়ছোৱাত দেৰগাঁৱৰ দিচৈ, দীঘলীপাম আদি অঞ্চলসমুহত ধাৰবাহিক ভাৱে গৰুচোৰে নিদ্ৰা হৰিছিল অঞ্চলবাসীৰ। যাৰ বাবে গৰুচোৰৰ সন্ধানত ভিতৰি ভিতৰি অনুসন্ধান চলাই আছিল অঞ্চলবাসীয়ে। আজি চৰাই চাপৰিৰ পৰা চুৰি হোৱা এহাল গৰু বান্ধি থোৱা অৱস্থাত গৃহস্থই প্ৰত্যক্ষ কৰে দেৰগাঁৱৰ দিঘলীপামৰ এঘৰ মানুহৰ চৌহদত। মানুহঘৰৰ গৃহস্থৰ লগত কথা পতাৰ পাছত ওলাই পৰে সকলো।
জানিব পৰামতে, চৰাই চাপৰিৰ পৰা চুৰি কৰি অনা গৰুহাল বিক্ৰী কৰিছিল দুজন গৰু চোৰে। ক্ৰেতাগৰাকীয়ে কিছু পইচা দিছিল আৰু কিছু আজি দিয়াৰ কথা আছিল। আনহাতে দুইজন চোৰৰে আধাৰ কাৰ্ডৰ ফটো মাৰি ৰাখিছিল গৰু ক্ৰয় কৰা ব্যক্তিজনে। ততাতৈয়াকৈ ৰাইজৰ সহযোগত দুই গৰুচোৰক কৰায়ত্ব কৰি বান্ধি ৰাখি আৰক্ষীক চমজাই দিয়ে ৰাইজে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
