
বঙাইগাঁও , ১৭ ছেপ্টেম্বৰ (হি.স.)। বঙাইগাঁও জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জিলাখনৰ দাউকীঝাৰৰ ধাননী পথাৰত মঙ্গলবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এজন মাছমৰীয়া যুৱকৰ মৃত্যু হয়। নিহত যুৱকজন চিৰাঙৰ বিজনীৰ কাৱাটিকাৰ বাসিন্দা জহিৰুল ইছলাম(৩৯) বুলি পৰিচয় পোৱা গৈছে ।
জানিব পৰামতে, দক্ষিণ দাউকীঝাৰ জ্ঞান চাকি প্ৰাথমিক বিদ্যালয়ৰ পৰা এটা পৰিয়ালে ধাননী পথাৰত অবৈধভাৱে স্থাপন কৰিছিল বৈদ্যুতিক তাঁৰ।
এই বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় যুৱকজন । পাছত বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ যুৱকজনক নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
অৱশ্য়ে কি কাৰণত পৰিয়ালটোৱে ধাননী পথাৰত অবৈধভাৱে স্থাপন কৰিছিল বৈদ্যুতিক তাঁৰ সেই বিষয়ে জানিব পৰা হোৱা নাই। সম্প্ৰতি পলাতক হৈ আছে পৰিয়ালটো। উল্লেখ্য পশ্চিম গেৰুকাবাৰীৰ জাহিদুল ইছলাম, কাৱাটিকাৰ ৰছিদুল ইছলাম আৰু ছফিকুল ইছলামৰ সৈতে জহিৰুল ইছলাম দাউকীঝাৰলৈ মাছ মাৰিবলৈ যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
