নলবাৰী, ০৬ ফ্ৰেব্ৰুৱাৰী। আয়ুৰ্বেদিক ঔষধ বিক্ৰী কৰিবলৈ আহি সোণ আৰু নগদ ধন জালিয়তিৰে হস্তগত কৰি পলায়ন কৰিব লওতেই ৰাইজৰ ৰোষত পৰিছে দুই প্ৰৱঞ্চক ৷ ধমধমাত দুই প্ৰৱঞ্চকক ৰাইজে সোধালে উত্তম-মাধ্যম ৷
প্ৰাপ্ত তথ্য়মতে, ধমধমাৰ চটাইবাৰীত যোৱা কালি বিয়লি আয়ুৰ্বেদিক ঔষধ বিক্ৰী কৰিবলৈ আহি সোণ আৰু নগদ ধন লৈ পলায়ন কৰোতেই হোজাইৰ লঙ্কাৰ মোজাম্মিল আলী আৰু জান আলী নামৰ প্ৰৱঞ্চক দুজনক ৰাইজে উত্তম মাধ্যম দি গটাই দিলে আৰক্ষীক ৷ দীৰ্ঘদিন ধৰি নলবাৰীত ঘৰ ভাড়া কৰি গাঁও সমূহত আয়ুৰ্বেদিক ঔষধ বিক্ৰীৰ নামত ৰাইজক প্ৰৱঞ্চনা কৰি আহিছিল এই দুই ব্যক্তিয়ে৷
