যোৰহাট, ২৬ নৱেম্বৰ (হি.স.)। যোৰহাটৰ মাৰোৱাৰী পট্টিত কালি নিশা এক ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে।
মিহিৰ ডালমিয়া নামৰ এজন ব্যৱসায়ীয়ে দোকান বন্ধ কৰি আহি থকা অৱস্থাত মটৰ চাইকেলত অহা দুজনীয়া যুৱকে আক্ৰমন কৰি কাঢ়ি নিয়ে লগত থকা টকাৰ বেগটো। আহত ব্যৱসায়ী জনক যোৰহাট চিকিতসা মহাবিদ্যালয় হস্পিতালত পিছত ভৰ্তি কৰা হয়। টকাৰ বেগ লৈ পলায়ন দুই যুৱকৰ।যুৱক দুজনৰ সন্ধানত আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
