লক্ষীমপুৰ, ১২ ডিচেম্বৰ (হি.স.): সম্প্ৰতি মৰণ ফাণ্ডলৈ পৰিণত হৈ পৰিছে বিপুৰীয়া-নাৰায়ণপুৰ সংযোগী ৰাজ্যিক ঘাই পথ ৷ অতিমাত্ৰাত বিধ্বস্ত হৈ পৰা বিহপুৰীয়া-নাৰায়ণপুৰ সংযোগী ৰাজ্যিক ঘাই পথছোৱাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷
জৰাজীৰ্ণহৈ পৰা পথটোত পুখুৰী সদৃশ দ দ গাঁতৰ সৃষ্টি, বখলা-বখলে এৰাই যোৱা ব্লেক ট্ৰেপিঙৰ বিধ্বস্ত অৱস্থাই সকলো ধৰণৰ যাতায়াত ব্যাহত কৰিছে ৷ সংঘটিত হৈছে নিতৌ ন ন দূৰ্ঘটনা, যাতায়তত দৈনিক জ্বালা-যন্ত্ৰণাত ভুগিছে ৰাইজে ৷ ইফালে পথ নিৰ্মাণৰ সকলো কাম আগবাঢ়ি আছে বুলি জনপ্ৰতিনিধি, বিভাগে ঢাক-ঢোল বজাই আহিছে যদিও কাৰ্যত সেয়া দেখিবলৈ পোৱা হোৱা নাই। যাৰ ফলত পথচাৰীয়ে দুৰ্বিসহ যাতায়ত কৰিবলৈ বাধ্য় হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
