• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > হেলিকপ্টাৰ দুৰ্ঘটনাত চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ মৃত্যু
International

হেলিকপ্টাৰ দুৰ্ঘটনাত চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ মৃত্যু

CliQ INDIA
Last updated: February 7, 2024 1:45 pm
CliQ INDIA
Share
3 Min Read
SHARE

ছান্টিয়াগো (চিলি), ০৭ ফেব্ৰুৱাৰী। চিলি গণৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰা (৭৪)ৰ মঙলবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে পিনেৰাৰ মৃত্যুৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। আমেৰিকাৰ আগশাৰীৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি সামৰিক একনায়কত্ববাদৰ অন্ত পৰাৰ পিছত পিনেৰা চিলিৰ প্ৰথম ৰক্ষণশীল নেতা হিচাপে পৰিগণিত হয়। তেওঁ দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰিছিল।

খবৰ অনুসৰি চাৰিজন লোক কঢ়িয়াই অনা হেলিকপ্টাৰখন দক্ষিণ চিলিৰ লছ ৰিঅ’ছ অঞ্চলৰ ৰেংকো হ্ৰদত বিয়লি প্ৰায় ৩:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। তিনিজন লোক ৰক্ষা পৰে আৰু সাঁতুৰি পাৰলৈ যায়। চিলিৰ নৌসেনাই উদ্ধাৰ কৰিছে প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি পিনেৰাৰ মৃতদেহ। কোনে বিমানখনৰ উৰুৱাইছিল সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে পিনেৰাই স্বয়ং হেলিকপ্টাৰ চলাবলৈ জানিছিল।

দ্য নিউয়ৰ্ক টাইমছৰ মতে পিনেৰা আছিল এজন কোটিপতি ব্যৱসায়ী আৰু বিনিয়োগকাৰী। ২০১০ চনৰ পৰা ২০১৪ চনলৈ আৰু ২০১৮ চনৰ পৰা ২০২২ চনলৈকে তেওঁ চিলিৰ ৰাষ্ট্ৰপতি হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। ৰক্ষণশীল নেতা পিনেৰাই ব্যৱসায় সমৰ্থক নীতি প্ৰৱৰ্তন কৰে। ইয়াৰ ফলত বিকাশৰ প্ৰসাৰ ঘটিছিল। ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে দৰিদ্ৰ লোকক অৱহেলা কৰাৰ অভিযোগো উত্থাপন হৈছিল। ইয়াৰ বাবেই তেওঁ ৰাইজৰ প্ৰবল বিৰোধিতাৰো সন্মুখীন হ’বলগীয়া হৈছিল। পিনেৰাই পত্নী চেচিলিয়া মৰেল আৰু চাৰিটা সন্তানক এৰি থৈ যায়। তেওঁ ১৯৭৩ চনত মৰেলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

মঙলবাৰে চিলিৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিকে দেশবাসীক টেলিভিছনযোগে দিয়া ভাষণত কয় যে ৰাষ্ট্ৰপতি পিনেৰাই নিজৰ দৃষ্টিভংগীৰে দেশৰ মংগলৰ বাবে ব্যাপক অৱদান আগবঢ়াইছিল। তেওঁ আৰম্ভণিৰে পৰাই এজন গণতন্ত্ৰবাদী আছিল। তেওঁৰ ভাষণত তেওঁ চিলিত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে।

প্ৰতিবেদন অনুসৰি একনায়কত্ববাদৰ সময়ত ১৯৮০ চনৰ আৰম্ভণিতে চিলিত ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তন কৰি পিনেৰাই ব্যৱসায়ৰ জগতখনত প্ৰৱেশ কৰিছিল। পিছলৈ তেওঁ ৰিয়েল এষ্টেট, বেংকিং, শক্তি আৰু খনিকে ধৰি কেইবাটাও কোম্পানীত বিনিয়োগ কৰিছিল। টেলিভিছন সম্প্ৰচাৰকৰ লগতে বিমান সংস্থা আৰু পেছাদাৰী ফুটবল ক্লাবতো তেওঁৰ মুখ্য শ্বেয়াৰ আছিল। তাৰ পিছত তেওঁ নিজৰ ধন-সম্পত্তিৰ সহায় লৈ ৰাজনীতিত প্ৰৱেশ কৰে। প্ৰথমে চিনেটৰ হিচাপে আৰু পিছলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

পিনেৰাই চিলিক শেহতীয়া বছৰবোৰৰ কিছুমান কঠিন মুহূৰ্তৰ মাজেৰে আগবঢ়াই লৈ গৈছিল। ২০১০ চনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ কেইসপ্তাহমানৰ পিছত চিলিত এক প্ৰবল ভূমিকম্প আৰু ছুনামীৰ সৃষ্টি হয়। এই ঘটনাত ৫২৫ জন লোকে প্ৰাণ হেৰুৱায় আৰু ১৫ লাখ লোক স্থানচ্যুত হয়। মাটিৰ তলত প্ৰায় আধা মাইল নিলগত আবদ্ধ হৈ থকা ৩৩ জন খনিকৰক বচাবলৈ পিনেৰাই সকলো পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ চৰকাৰে ৬৮ দিনীয়া সাহায্য আৰু উদ্ধাৰ অভিযানৰ অন্তত তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিনেৰাই সকলোৰে সৈতে সাৱটি ধৰি এই উদ্ধাৰ অভিযানৰ আনন্দ উদযাপন কৰিছিল।

You Might Also Like

শুল্ক চুক্তিত শ্ৰীলংকাক শুল্কমুক্ত বাহনৰ সুবিধা প্ৰদান কৰিছে আমেৰিকাই
প্ৰাক্তন ৰজাৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপক লৈ মাওবাদীৰ জৰুৰী বৈঠক, আজি সংসদত প্ৰচণ্ডৰ বিশেষ ভাষণ | BulletsIn
জনযুদ্ধ দিৱস উদযাপনক লৈ নেপালত শাসক আৰু বিৰোধী কমিউনিষ্ট দলৰ মাজত মতানৈক্য
বাংলাদেশত অশান্তি– সচিবালয়ত বিষয়াসকলক আনছাৰে কৰিলে পণবন্দী | BulletsIn
‘দোহা শান্তি আলোচনাত কলীয়া ডাৱৰ, কাবুলৰ সৈতে ইছলামাবাদৰ সম্পৰ্কৰ অৱনতি ’ – আক্ৰমণৰ পিছত পাকিস্তানৰ মন্তব্য়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৭৯ ডলাৰৰ ওচৰত
Next Article গৰুচোৰক কেন্দ্ৰ কৰি উত্তপ্ত দেৰগাঁৱৰ দীঘলিপাম
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?