বৰপেটা, ২৫ ফেব্ৰুৱাৰী। ৰেলযাত্ৰাতো সুৰক্ষিত নহয় যাত্ৰী ৷ উজনিমুৱা লামডিং ইন্টাৰচিটী এক্সপ্ৰেছত ডকাইতিৰ ঘটনা। আলিপুৰদুৱাৰ জংছনৰ পৰা উজনিমুৱা লামডিং ইন্টাৰচিটী এক্সপ্ৰেছ ৰেলখনে যাত্ৰা আৰম্ভ কৰাৰ কিছুসময় পিচতে সংঘটিত হয় ডকাইতিৰ ঘটনা ৷
ডকাইতিৰ ঘটনাটোত গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম কৌশল্যা সাহানী ৷ কৌশল্যা সাহানীৰ ঘৰ বৰপেটাৰোডৰ শিমলাগুৰিত ৷ মহিলাগৰাকী সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসাধীন হৈ আছে ৷ দেওবাৰে পুৱতি নিশা ৩-৪৫ বজাত আলিপুৰ জংছনৰ পৰা বৰপেটাৰোডলৈ যাত্ৰা কৰা ষাঠি উৰ্ধৰ মহিলাগৰাকীক ডকাইতে আক্ৰমণ কৰি আহত কৰাৰ লগতে যাত্ৰীগৰাকীৰ পৰা লুট কৰি নিয়ে সোণৰ অলংকাৰ, নগদ ধন আৰু মোবাইল ফোন ৷
মহিলাগৰাকীয়ে কন্যাৰ সৈতে আলিপুৰৰ পৰা বৰপেটাৰোডলৈ যাত্ৰা কৰিছিল ৷ অৱশ্যে মহিলা গৰাকীৰ কন্যা অন্য এটা ডবাত উঠাৰ সুযোগতে ডকাইতে মহিলাগৰাকীক আক্ৰমণ কৰি ধন সোণ লুট কৰি নিয়ে ৷
ভূক্তভোগী মহিলাগৰাকীয়ে জনোৱামতে, ডবাটোত মহিলাগৰাকী অকলে আছিল ৷ সন্দেহ কৰামতে ডকাইতৰ দলটো শৌচালয়ত লুকাই আছিল ৷ ইতিমধ্যে ডকাইতিৰ ঘটনা সম্পৰ্কে আলিপুৰদুৱাৰত এজাহাৰ দাখিল কৰিছে ভূক্তভোগী মহিলাগৰাকীৰ কন্যাই ৷ ৰেলত যাত্ৰীক আক্ৰমণ কৰি ধন সোণ লুট কৰি নিয়াৰ ঘটনাই ৰেলযাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷
