নগাঁও, । নগাঁও জিলাৰ নলতলিত অৱস্থিত বাৰ্জাৰ পেইন্টৰ ফেক্টৰীৰ সহযোগত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পঞ্জিয়নভুক্ত চিকিৎসাধীন যক্ষ্মা ৰোগী সকলৰ মাজত আজি একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত বাৰ্জাৰ পেইন্টৰ কৰ্মকৰ্তা সকলে ২৪০ জন ৰোগীক খাদ্য সামগ্ৰী বিতৰণ কৰে।
বাৰ্জাৰ পেইন্টে প্ৰায় ২০০ গৰাকী নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থান দিয়াৰ উপৰিও সমাজৰ বাবে কাম কৰি আহিছে। আজিৰ কাৰ্যসূচীত বাৰ্জাৰ পেইন্টৰ বিষয়া কৰ্মচাৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ সকল উপস্থিত থাকে।
