হোজাই, ২৮ জানুৱাৰী : হোজাই বনবিভাগৰ জালত পৰিছএ দুজনকৈ চৰাই চিকাৰী। চৰাই চিকাৰ কৰি হোজাই বনবিভাগৰ জালত পৰিল টুতা মিঞা আৰু মেহতাবুৰ ৰহমান নামৰ লোকদুজন।
হোজাই ৰাজাপুখুৰীৰ পৰা চৰাই চিকাৰ কৰি থকা অৱস্থাত দুয়োজনকে আটক কৰে বনবিভাগে।বন বিভাগে দুয়োজনৰ পৰা জব্দ কৰে এটা বন্দুক আৰু চাৰিটাকৈ মৃত চৰাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
