– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি দেওবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ১৪৮ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ এজন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি দেওবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৯৪,৬৬০ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ১৩২ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৪৭৮ জন(১.১৮ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৮৯৭ জন।
আনহাতে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি দেওবাৰৰ পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৮,০২,৬৫৪ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টা(শনিবাৰ)ত দেশত বুষ্টাৰ বা সতৰ্কতামূলক পালি আৰু ১৮ বছৰৰ উৰ্ধৰ তথা ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ চেমনীয়াসকলকে ধৰি মুঠ ৬৩৬ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।
