–১৭ খন চলন্ত খাদ্য সুৰক্ষা বাহনৰ সেৱা শুভাৰম্ভ কৰিলে প্ৰধান মন্ত্ৰীয়ে
গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক আন্তঃগাথনিমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰ্চুৱেল মাধ্যমেৰে গুৱাহাটীৰ বামুণীমৈদাম স্থিত ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগৰত স্থাপন কৰা অনুজীৱ বিজ্ঞান গৱেষণাগাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। ইয়াৰ লগতে খাদ্য সুৰক্ষাৰ দিশত লোৱা অগ্ৰণী পদক্ষেপৰ অংশ হিচাপে ১৭খন চলন্ত খাদ্য সুৰক্ষা বাহনৰ সেৱাৰো শুভাৰম্ভ কৰাৰ উপৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত স্হাপন কৰা ৪খন স্বাস্থ্য আন্তঃগাথনিও তেখেতে উদ্বোধন কৰে।
উল্লেখ্য যে এই গৱেষণাগাৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান্যতা প্ৰাধিকৰণ(fassi)ৰ সহযোগত স্হাপন কৰা হৈছে। ৪.৬৪ কোটি টকা ব্যয় সাপেক্ষে স্হাপন কৰা এই বিশ্লেষণাগৰ তথা ৮.৬৪কোটি টকা ব্যয় সাপেক্ষে আজি শুভাৰম্ভ কৰা চলন্ত খাদ্য সুৰক্ষা বাহনকেইখনে ৰাজ্যখনৰ বিভিন্ন জিলাৰ খাদ্যৰ মান বিশ্লেষণ, দূষিত খাদ্য চিনাক্তকৰণ, খাদ্যত থকা জীৱাণুৰ উপস্থিতি পৰীক্ষণত বিশেষ ভাৱে সহায়ক কৰিব।
এই উপলক্ষে আজি বামুণীমৈদাম স্হিত পি.চি.পি.এচ. গাৰ্লচ পলিটেকনিক খেল পথাৰত আয়োজন কৰা অনুস্থানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ লক্ষ্মণভাই মন্দাভিয়াক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে।এই বিশ্লেষণাগৰ তথা চলন্ত খাদ্য সুৰক্ষা বাহন সমূহে জনসাধাৰণলৈ সুৰক্ষিত খাদ্য নিশ্চিতকৰণৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।ভাষণ প্ৰসংগত তেখেতে অসাধু ব্যৱসায়ী আৰু উৎপাদক সকলক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা খাদ্য ভেজালকৰণ ৰোধত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণৰ বাবে লোৱা দূৰদৰ্শী পদক্ষেপৰ শলাগ লয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডা:পি অশোক বাবুৱে আদৰণী ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ অভিযান সঞ্চালক এম এচ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব বৰ্ণালী শৰ্মা আদিকে ধৰি বহু গণ্য-মান্য ব্যাক্তি উপস্থিত থাকে।
