• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ৰে’লত জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ
Regional

ৰে’লত জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ

CliQ INDIA
Last updated: November 18, 2023 7:30 am
CliQ INDIA
Share
4 Min Read
SHARE

গুৱাহাটী, ১৭ নৱেম্বৰ (হি.স.)। উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীৰ ভিৰ বৃদ্ধি পাইছে আৰু ভাৰতীয় ৰেলৱেই ৰে’ল যাত্ৰীসকলক অধিক সাৱধান হ’বলৈ আহ্বান জনাইছে। উৎসৱৰ সময়ত, বহুতো ৰে’ল যাত্ৰীয়ে তেওঁলোকৰ নিজ নিজ ঘৰলৈ আহিবলৈ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণ কৰে আৰু তেওঁলোকে ক্ৰেকাৰ, পেট্ৰ’ল, এচিড আৰু অন্যান্য জ্বলনশীল সামগ্ৰীকে ধৰি এনে ধৰণৰ বহু সামগ্ৰী কঢ়িয়াই আনে যি সুৰক্ষাৰ বাবে আশংকাৰ সৃষ্টি কৰে।

ৰে’ল মন্ত্ৰালয়ে ৰে’লত যাত্ৰা কৰোঁতে কোনো জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিনিবলৈ যাত্ৰী আৰু ৰাইজক সজাগ কৰাৰ অৰ্থে নিয়মীয়াকৈ বিশেষ অভিযান চলাই আহিছে। ভাৰতীয় ৰেলৱেৰ সমগ্ৰ সংশ্লিষ্ট বিষয়াবৰ্গই ৰে’লত যাত্ৰা কৰোঁতে যাত্ৰীৰ চলাচলৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰি আহিছে। ৰেলৱে সুৰক্ষা বাহিনী আৰু চৰকাৰী ৰেলৱে আৰক্ষীয়ে ৰে’লযাত্ৰীসকলক বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে অপৰাধীসকলৰ ওপৰত কঠোৰভাৱে নিৰীক্ষণ কৰি আছে।

ৰে’লত অগ্নিকাণ্ডৰ ঘটনা প্ৰতিহত কৰিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে ভাৰতীয় ৰে’লৰ দ্বাৰা এক গণ জনসজাগতা অভিযান চলোৱা হয়। এই উপলক্ষে ৩৬৮৫২ খন লিফলেটৰ বিতৰণ, ১২৪০১ খন ষ্টিকাৰ/পোষ্টাৰ পোষ্ট কৰা হয় আৰু ইয়াৰ লগতে ভাৰতীয় ৰেলৱেৰ বিভিন্ন ষ্টেচনত ৬৩৮ খন বাটৰ নাট পৰিৱেশন কৰা হয়। আনহাতে, ১৪৩৬২ টা ষ্টেচনত যাত্ৰী ঘোষণা প্ৰণালীৰ জৰিয়তে ঘোষণা কৰা হয়, ছপা মাধ্যমৰ জৰিয়তে ১৭১ টা বিজ্ঞাপন প্ৰকাশ কৰা হয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় টিভি চেনেলসমূহত ১৩২০ টা ভিডিঅ’ প্ৰদৰ্শন কৰা হয় আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৯২৮ খন বেনাৰ পোষ্ট কৰা হয়। ভাৰতীয় ৰে’লৰ বিভিন্ন ষ্টেচনৰ ৩৮৮৭ জন পাৰ্চেল পৰ্টাৰ, ২১৪৫ জন লীজ ধাৰক, ৪৬৯৪ জন পাৰ্চেল কৰ্মচাৰী, ৯৩৮৬ জন পেন্ট্ৰী কাৰ কৰ্মচাৰী, ৫১২০ জন বিভিন্ন ষ্টেচনৰ কেটাৰিং কৰ্মচাৰী, ৫০৯৪ জন পাৰ্চেল পৰ্টাৰ, ৪৫১০ জন অ’বিএইচএছ কৰ্মচাৰী, ৪৯৭৭ জন আউট চৰ্চ কৰ্মচাৰী আৰু ৭৯০৬০ জন যাত্ৰীৰ সৈতে এক জন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সৰ্বমুঠ ৩৭৩১১ টা পৰীক্ষণ ৰে’লত কৰা হয়, মুঠ ২২১১০ টা পৰীক্ষা ষ্টেচনত কৰা হয় আৰু ৭৬৫৬টা পৰীক্ষা য়াৰ্ডছ /ৱাছিং লাইন/পিট লাইন/ইন্ধন পইণ্টত কৰা হয়।

ইয়াতেই উল্লেখ কৰিব লাগিব যে, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এই অভিযানে ৰে’ল ব্যৱহাৰকাৰীসকলক জুইৰ পৰা হোৱা দুৰ্ঘটনাসমূহ পৰিহাৰ কৰাৰ বাবে প্ৰতিৰোধমূলক পদক্ষেপ ল’বলৈ সজাগ কৰে । উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনত ৫৩১ খন লিফলেট বিতৰণ, ৩৮০ খন ষ্টিকাৰ/পোষ্টাৰ পোষ্ট কৰা হয় আৰু ২০ টা বাটৰ নাট পৰিৱেশন কৰা হয়। ১০৯৬ টা ষ্টেচনত যাত্ৰী ঘোষণা প্ৰণালীৰ জৰিয়তে ঘোষণা কৰা হয়, ছপা মাধ্যমৰ জৰিয়তে ৪১ টা বিজ্ঞাপন প্ৰকাশ কৰা হয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় টিভি চেনেলসমূহত ১৮০ টা ভিডিঅ’ প্ৰদৰ্শন কৰা হৈছিল আৰু ছ’চিয়েল মিডিয়াত ৬৭ খন বেনাৰ পোষ্ট কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন ষ্টেচনৰ ২১২ জন পাৰ্চেল পৰ্টাৰ, ৮২ জন লীজ ধাৰক, ২৬৬ জন পাৰ্চেল কৰ্মচাৰী, ৬২৩ জন পেন্ট্ৰী কাৰ কৰ্মচাৰী, ৩৫২ জন বিভিন্ন ষ্টেচনৰ কেটাৰিং কৰ্মচাৰী, ২৭৫ জন পাৰ্চেল পৰ্টাৰ, ৩৮৭ জন ওবিএইচএছ কৰ্মচাৰী, ১৭৮ জন আউটচৰ্চ কৰ্মচাৰী আৰু ৪১৮২ জন যাত্ৰীৰ সৈতে এক জনসজাগতা সভা অনুষ্ঠিত কৰা হয়। সৰ্বমুঠ ২৬৯৩ টা পৰীক্ষণ ৰে’লত কৰা হয়, মুঠ ২১১৬ টা পৰীক্ষা ষ্টেচনত কৰা হয় আৰু ৭৯৯ টা পৰীক্ষা য়াৰ্ডছ/ৱাছিং লাইন/পিট লাইন/ইন্ধন পইণ্টত কৰা হয়।

সমগ্ৰ ভাৰতীয় ৰেলৱেত জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে ৰে’ল আইনৰ ধাৰা ১৫৩/১৬৪ ৰ অধীনত মুঠ ১৫৬ জন আইন উলংঘনকাৰীক জেললৈ প্ৰেৰণ কৰা হয় আৰু চিগাৰেট আৰু অন্যান্য ধপাত জাতীয় সামগ্ৰী আইন (চিওটিপিএ)ৰ অধীনত চিগাৰেট/বিড়ি কঢ়িয়াই নিয়াৰ বাবে ৪৩৭০ জন আইন উলংঘনকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

ৰে’লত জ্বলনশীল বস্তু কঢ়িয়াই নিয়াটো ৰে’ল আইন, ১৯৮৯ ৰ ধাৰা ৬৭, ১৬৪, ১৬৫-ৰ অধীনত এক শাস্তিযোগ্য অপৰাধ আৰু অপৰাধীক তিনি বছৰলৈকে কাৰাদণ্ড বা ১,০০০ টকা বা উভয়েই জৰিমনা বিহা হ’ব পাৰে আৰু ৰেলৱেত এনে সামগ্ৰী কঢ়িওৱাৰ ফলত হ’ব পৰা যিকোনো ক্ষতি, আঘাত বা ক্ষতিৰ বাবে দায়বদ্ধ হ’ব পাৰে।

উত্তৰ পূৱ সীমান্ত ৰেলৱেই ৰে’ল যাত্ৰীসকলক কোনো ধৰণৰ জ্বলনশীল/বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নিনিবলৈ আৰু জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিজৰ জীৱন বিপদাপন্ন নকৰি সুৰক্ষাৰ সৈতে ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ/অৰৱিন্দ/মনোজ

You Might Also Like

ফকিৰাগ্রাম চহৰৰ ৰামকৃষ্ণপাড়াৰ শ্ৰী শ্ৰী শনি মন্দিৰৰ শুভ উদ্ধোধন
নাজিৰাৰ গেলেকীত কৃত্ৰিম বান
আলফা-চৰকাৰৰ চুক্তিৰ বিৰোধিতা আত্মসমৰ্পণকাৰী আলফাৰ
তেজপুৰত দুই চিলনী চোৰ গ্ৰেপ্তাৰ
কলিয়াবৰৰ সোণাৰী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ১৭ আৰু ১৮ নৱেম্বৰত অসম সহ উত্তৰ পুৰ্বাঞ্চলৰ একাংশ অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা: আইএমডি
Next Article দক্ষিণ ফিলিপাইনছত ভূমিকম্পত ৬ জন লোকৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?