
শিৱসাগৰ, ২৬ আগষ্ট (হি.স.): বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছে নাজিৰা সমষ্টিৰ গেলেকীৰ বিস্তৃৰ্ণ এলেকা। ভয়াবহ ৰূপত দেখা দিয়া কৃত্ৰিম বানপানীৰ সমস্যাক লৈ এতিয়া সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ,দল-সংগঠন৷ এই কৃত্ৰিম বানৰ মূল উৎস হ’ল নাগালেণ্ডৰ পৰা বৈ অহা গেলেকীৰ মাজেৰে বৈ যোৱা দৈখনা নৈ ৷ বিভাগীয় কৰ্তৃপক্ষই এই নদীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই নদীৰ সমতল পোত খাই গেলেকীৰ বিস্তৃৰ্ণ এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ।
নাজিৰা সমষ্টিৰ অন্তৰ্গত গেলেকীৰ শিঙিবল, মৰাণ গাঁও, এক নং লাহন গাঁও, দুই নং লাহন গাঁও, কছাৰীগাঁও, ৰঙাগড়া আদিকে ধৰি শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত গেলেকীৰ দোলাকাষৰীয়া বিস্তৃৰ্ণ এলেকা এতিয়া কৃত্ৰিম বানৰ কৱলত পৰিছে ৷ এই কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে ৷ কৃত্ৰিম বানৰ বাবে বৰ্তমানেও হাজাৰ হাজাৰ হেক্টৰ বিঘা কৃষিভূমি ছন পৰি ৰৈছে ।
ইফালে ২০২৬ চনৰ নিৰ্বাচনৰ আগত এই সমস্যাৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে নাজিৰা সমষ্টিৰ বিধায়ক, শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু বৰ্তমানৰ চৰকাৰক স্থানীয় ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি মত প্ৰকাশ কৰে ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
