মেনিলা, ১৮ নৱেম্বৰ (হি.স.)। শুকুৰবাৰে দক্ষিণ ফিলিপাইনছত সংঘটিত হোৱা ভূমিকম্পত কমেও ৬ জন লোকৰ মৃত্যু হয়। আনহাতে সন্ধানহীন হৈছে আন দুজন লোক। ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.৭ জোখা হৈছিল। স্থানীয় দুৰ্যোগ বিষয়াৰ উদ্ধৃতি দি শনিবাৰে স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য।
জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি ৬০ কিলোমিটাৰ (৩৭ মাইল) গভীৰতাত মিন্দানাও দ্বীপত সংঘটিত হয় এই ভূমিকম্প। ভূমিকম্পৰ কেন্দ্ৰৰ ওচৰত কমেও দুজন, দক্ষিণ কোটাবাটো প্ৰদেশত তিনিজন আৰু চাৰাংগানী প্ৰদেশত এজন লোকৰ মৃত্যু হয়। ভূমিস্খলনৰ পিছত নিৰুদ্দেশ হোৱা আন দুজন লোকৰ সন্ধানত উদ্ধাৰ কৰ্মীয়ে। দাভাও অক্সিডেণ্টেল প্ৰদেশত শিলে চেপি ধৰাৰ ফলত মৃত্যু হয় এজন ৭৮ বছৰীয়া ব্যক্তিৰ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
