
নগাঁও, ২৯ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। দৈনিক নিশা হ’লেই নিতৌ গঞা ৰাইজৰ টোপনি হৰিছে বন্যহস্তীৰ জাকে। কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱে জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই ইয়াৰ মাজতে যোৱা কালি শুকুৰবাৰে নিশা কলিয়াবৰৰ সোনাৰীগাঁৱত বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱালে ভূৱন বৰদলৈ ওৰফে ধুন নামৰ এজন ২৬ বছৰীয়া যুৱকে।
প্ৰাপ্ত তথ্য অনুসৰি যোৱা কালি শুকুৰবাৰে নিশা সোণাৰী গাঁৱৰ নামনিচুকত বনৰীয়া হাতীয়ে বিচৰণ কৰা প্ৰত্যক্ষ কৰি স্থানীয় বন বিভাগৰ লোকক গঞা ৰাইজে অৱগত কৰে। ইয়াৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো গাঁৱৰ পৰা উলিয়াই নিয়াৰ চেষ্টা চলোৱাৰ পৰিৱৰ্তে বনকৰ্মীৰ দলটি বন বিভাগৰ শিবিৰলৈ উভতি যোৱাৰ পিছতে সংঘটিত হয় কৰুণ দুৰ্ঘটনাটো। অঞ্চলটোৰ পৰা হাতীৰ জাকটো আঁতৰি যোৱা বুলি নিশ্চিত হোৱাত ভুক্তভোগী ভূৱন বৰদলৈ ওৰফে ধুন নামৰ যুৱকজন ঘৰৰ পৰা বাহিৰলৈ ওলায় অহাৰ সময়তে বনৰীয়া হাতীটোৰে মুখামুখি হোৱাত বনৰীয়া হাতীটোৱে গচকি প্ৰাণ কাঢ়িলে ভূবন বৰদলৈৰ।
উল্লেখ্য যে কিছুবছৰ পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দূৰ্ভগীয়া ভূৱন বৰদলৈৰ এগৰাকী আত্মীয়ই। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় সোণাৰী গাঁও বনবিভাগৰ শিবিৰটো শেহতীয়াকৈ মদ -জুৱাৰ লগতে অসাধু কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত হোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ তুলি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। পিছত কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজনিচান শৰ্মা, কলিয়াবৰ সমজিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত অভিজাত বৰাৰ উপস্থিতিত কলিয়াবৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিভাগৰ লোকে মৃতদেহ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ অনাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লয়। পেশাত কাঠমিস্ত্ৰী অমায়িক যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
