

কোকৰাঝাৰ, ০৫ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম চহৰৰ ৰামকৃষ্ণপাড়াত ২০০৫ চনতে স্থাপন কৰা হৈছিল সার্বজনীন শ্ৰী শ্ৰী শনি মন্দিৰ এটি। ৰামকৃষ্ণপাড়াৰ এই পুৰণি মন্দিৰটো পুনৰ নিৰ্মাণ কৰি শনিবাৰে সন্ধিয়া মন্দিৰ গৃহৰ শুভ উদ্ধোধন সমাৰোহ উদযাপন কৰা হয় । বিভিন্ন কাৰ্যসূচীৰ মাজৰে যোৱা কালি সন্ধিয়া বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ জ্যেষ্ঠ ভাতৃ কৌশিক দেয়ে মন্দিৰৰ মুখ্যদ্বাৰ উদ্ধোধন কৰে ৷
এই মন্দিৰ নিৰ্মানত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷ মন্দিৰ নিৰ্মাণৰ সম্পূৰ্ণ ধন বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু ৰাইজৰ দানেৰে সম্পূৰ্ণ কৰা হয় ৷ উক্ত অনুষ্ঠানত কৌশিক দেয়ে আগন্তুক শনিবাৰৰ আগতে মন্দিৰটোত পানীৰ ব্য়ৱস্থা কৰা হ’ব আৰু ইতি মধ্যে ফকিৰাগ্রামৰ বিভিন্ন অঞ্চলত কেইখন মন্দিৰ নির্মাণ কৰা হৈছে আৰু যিকেইটা মন্দিৰৰ নির্মাণ কাম চলি আছে সেই সমূহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা মন্দিৰ কালী পূজাৰ আগতে উদ্ধোধন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
