যোৰহাট , ৩০ ডিছেম্বৰ (হি.স.)। আলফা আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা বহু প্ৰত্যাশিত চুক্তি লৈ ৰাজ্যৰ বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তাৰ সমান্তৰালভাৱে আজি টীয়কত উপস্হিত থকা সদৌ অসম আত্মসমর্পণ কাৰী আলফাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ৰাজকুমাৰ দুৱাৰা আৰু বহু কেইজন বিষয়ববীয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰত্যাশিত চুক্তি খনক লৈ বহু আক্ষেপ প্ৰকাশ কৰাৰ লগতে অসম বাসীৰ বাবে প্ৰতাৰনাৰ দলিল বুলি আখ্য়া দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
