নগাঁও, ১৯ অক্টোবৰ (হি স)। কাতি বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতেই নগাঁও জিলাৰ ৰহাৰ গড়মাৰীৰ চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পৰি ৰৈছে মৃতদেহটো।
যুৱকজনৰ মূৰৰ পৰা অত্যাধিক ৰক্তক্ষৰণ হোৱা পৰিলক্ষিত হয়। মৃত যুৱকজনক বৰ্তমানেও চিনাক্ত হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
