
বাক্সা, ১৭ অক্টোবৰ (হি.স.): বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলা আৰু জালাহ আৰক্ষীৰ যৌথ সহযোগত শিমলাৰ গধুলী গাঁৱৰ ৰিংকু বড়ো(৩৯)ৰ ঘৰত সোমবাৰে সন্ধিয়া এক এভিযান চলাই প্ৰতিদিনে জুৱাৰ নেতৃত্ব দি অহা পাঁচজনকৈ কুখ্যাত জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
আটকাধীন জুৱাৰী কেইজন হৈছে বজালীৰ ডুবিৰ ৰফিকুল আলী(৩৮), বজালীৰ ভোটান্তমহিতৰাৰ পংকজ মেধি(৪২), বজালীৰ কুৰোবাহাৰ বিজু তালুকদাৰ (৪৬), বাক্সাৰ গধুলীগাঁৱৰ বিষ্ণুৰাম দাস ওৰফে বিৰেন দাস(৫০), আৰু বাক্সাৰ গধুলীগাঁৱৰ ৰিংকু বড়ো(৩৯) ৷ আটকাধীন জুৱাৰী কেইজনৰ পৰা ২৩ টা টাচৰ পেকেট, ৪ টা মোবাইল ফোন, নগদ ৬৭,০০০/- টকা, এএছ ১৫ আৰ ৯৯৫৯ নম্বৰৰ এখন চাৰিচকীয়া বাহন, এএছ ২৮ এএছ ২৮ এ ৮১৯৫ নম্বৰৰ এখন টিভিএছ স্কুটি আৰু নম্বৰ প্লেটবিহীন আন এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
