শ্ৰীনগৰ, ১৯ অক্টোবৰ । কাশ্মীৰ উপত্যকাৰ কেইবাটাও স্থানত বৃহস্পতিবাৰে কাউণ্টাৰ ইনটেলিজেন্স কাশ্মীৰৰ দলে অভিযান আৰম্ভ কৰে। সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত শ্ৰীনগৰ, পুলৱামা, অনন্তনাগ আৰু কুপৱাৰাত এই অভিযান চলাই আছে।
এগৰাকী বিষয়াই জনোৱা মতে, থানা চি আই কে কাশ্মীৰত পঞ্জীয়ন হোৱা গোচৰৰ অধীনত এই অভিযান চলোৱা হৈছে। বাতৰি লিখাৰ সময়লৈকে চলি আছিল অভিযান।
