– আমেৰিকাৰ পৰা জিই-৪১৪ ইঞ্জিনৰ চুক্তি এবছৰৰ ভিতৰত স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা
– চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত ৩ বছৰৰ পিছত প্ৰথমখন ‘মেড ইন ইণ্ডিয়া’ বিমান মুকলি
নতুন দিল্লী, ১৯ অক্টোবৰ । ফ্ৰান্সৰ যুদ্ধ বিমান ৰাফেলৰ দৰে শক্তিসম্পন্ন ৪.৫ প্ৰজন্মৰ মধ্যমীয়া ওজনৰ যুঁজাৰু বিমান থলুৱা তেজছ এম কে-২ বায়ুসেনাই ৬ বছৰৰ পাছত লাভ কৰিব। আমেৰিকাৰ পৰা অহা জিই-৪১৪ ইঞ্জিনৰ চুক্তি এবছৰৰ ভিতৰত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে আৰু চুক্তি স্বাক্ষৰ হোৱাৰ তিনি বছৰৰ পাছত প্ৰথমখন ‘মেড ইন ইণ্ডিয়া’ বিমান মুকলি কৰা হ’ব। ভাৰতত জিই-৪১৪ ইঞ্জিন নিৰ্মাণৰ পিছত তেজছ এম কে-২ত থকা থলুৱা সামগ্ৰীৰ পৰিমাণ ৬০ শতাংশৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধি পাব।
ভাৰত চৰকাৰে লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) তেজছ মাৰ্ক-২ৰ ৬ খন প্ৰ’ট’টাইপ বিমান নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এতিয়ালৈকে ইঞ্জিনৰ অনুপলব্ধতাৰ বাবে প্ৰ’ট’টাইপ নিৰ্মাণৰ কাম ওলমি আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্তিম আমেৰিকা ভ্ৰমণৰ সময়ত জিই- ৪১৪ বিমানৰ ইঞ্জিন ভাৰতত নিৰ্মাণৰ বাবে আমেৰিকান কোম্পানীটোৰ সৈতে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত তেজছ মাৰ্ক-২ৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিছে। এই সন্দৰ্ভত এইচ এ এল চি এম ডিয়ে কয় যে চুক্তি স্বাক্ষৰ হোৱাৰ ৩ বছৰৰ পাছত প্ৰথমখন ‘মেড ইন ইণ্ডিয়া’ বিমান মুকলি কৰা হ’ব।
তেওঁ কয় যে প্ৰথমখন বিমান ৰোল আউট হোৱাৰ পিছত বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হ’ব, সেয়েহে তেজছ মাৰ্ক-২ উৎপাদন কৰি বায়ুসেনাত অন্তৰ্ভুক্ত হ’বলৈ ৬ বছৰ সময় লাগিব। বৰ্তমান তেজছ এমকে-১এত ৬০ শতাংশ থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে যদিও ‘মেড ইন ইণ্ডিয়া’ জিই-৪১৪ জেট ইঞ্জিনৰ পিছত তেজছ এমকে-২ত থলুৱা সামগ্ৰী ৭৫ শতাংশলৈ বৃদ্ধি পাব। ভাৰতীয় বায়ুসেনাই ইতিমধ্যে প্ৰায় দুবছৰ পূৰ্বে থলুৱা শক্তিশালী যুদ্ধ বিমান তেজছ মাৰ্ক-২ৰ ডিজাইনত অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত গঠিত কেবিনেট কমিটী অন ছিকিউৰিটিয়ে বিগত বৰ্ষৰ ৩১ আগষ্টত এই বহু প্ৰত্যাশিত প্ৰকল্পত অনুমোদন জনাইছিল। ইয়াৰ পিছত এই বছৰৰ শেষৰ ফালে থলুৱা বহু ভূমিকা গ্ৰহণ কৰা যুঁজাৰু বিমান তেজাছ মাৰ্ক-২ৰ প্ৰ’ট’টাইপ উৎপাদনৰ সম্ভাৱন ব্যক্ত কৰা হৈছিল যদিও ইঞ্জিন চূড়ান্ত নোহোৱাৰ বাবে প্ৰ’ট’টাইপৰ নিৰ্মাণ ওলমি ৰৈছিল। এতিয়া আমেৰিকাৰ সৈতে জিই-৪১৪ জেট ইঞ্জিনৰ চুক্তিৰ পিছত কেন্দ্ৰীয় চৰকাৰে এলচিএ তেজছ মাৰ্ক-২ৰ ছটা প্ৰ’ট’টাইপৰ কাম আৰম্ভ কৰাৰ পথ মুকলি কৰিছে। অৱশ্যে আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদন এতিয়াও বাকী আছে। তথাপিও এই চুক্তিত আমেৰিকাৰ চেনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ দুয়োটাৰে অনুমোদন পোৱাৰ সম্ভাৱনা আছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, হিন্দুস্তান এৰ’নটিক্স লিমিটেডে ১৫ বছৰ বা তাতকৈ অধিক সময়ৰ ভিতৰত প্ৰায় ২৩০খন এলচিএ মাৰ্ক-২ বিমান নিৰ্মাণ কৰিব। এল চি এ মাৰ্ক-২ কাৰ্যসূচীয়ে ভাৰতৰ থলুৱা মহাকাশ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে বায়ুসেনাৰ আকাশী সজ্জাও শক্তিশালী কৰিব। ভাৰতীয় বায়ুসেনাই প্ৰথম অৱস্থাত ১০৮খন বিমান অৰ্ডাৰ দিব পাৰে। পিছলৈ তেওঁলোকৰ চূড়ান্ত গণনা ২৩০ হ’ব পাৰে, তাৰ পিছত ২০৩০ চনৰ ভিতৰত যুদ্ধ বিমান ভাৰতৰ আকাশী সজ্জাত অন্তৰ্ভুক্ত হ’ব।
