
ডিব্ৰুগড়, ১৩ ডিছেম্বৰ (হি.স.):‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক সুঁৱৰি যোৱাকালি সন্ধিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে । মৰাণৰ ট্ৰেফিক তিনিআলিত আছু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত পঞ্চ শ্বহীদৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
কাৰ্যসূচীত লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ যতিন চুতীয়াকে ধৰি বহুকেইগৰাকী গণ্য়-মান্য ব্যক্তি উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
