
হোজাই, ২৫ নৱেম্বৰ (হি.স.): হোজাই আলি নগৰত যোৱাকালি শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক আৰু আহত দুজন। নীলবাগানৰ পৰা হোজাই অভিমুখে আহি থকাৰ সময়ত গছত খুন্দিয়ায় স্কুটি আৰু বাইক চালকে।
ফলত থিতাতে নিহত বাইক চালক আৰু পিছফালে বহি থকা আৰোহী। আহত দুগৰাকীক সংকটজনক অৱস্থাত হোজাই হাম চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত নিহত যুৱকদ্বয়ৰ পৰিচয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
