তিনিচুকীয়া, ১৩ জানুৱাৰী (হি.স.)। ভোগালী বিহুৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাৰ লিডুত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনা। লিডুস্থিত এটা পেট্ৰল পাম্পৰ পৰা ডাম্পাৰৰ ড্ৰামত ডিজেল ভৰাই থকা অৱস্থাতে চালকে ডাম্পাৰ খনৰ পিছৰ অংশ উঠাই দিয়াত বৈদ্যুতিক তাঁৰত লাগি দুৰ্ঘটনাটো সংঘটিত হয়। ফলত থিতাতে নিহত হয় এজন যুৱক। কৰুণভাৱে নিহত যুৱকজন মাৰ্ঘেৰিটা চেগুনবাৰী নিৱাসী তপন বৰুৱাৰ পুত্ৰ ২৯ বছৰীয়া পাপু বৰুৱা বুলি জানিব পৰা গৈছে। জনৈক ৰাণা-ভাস্কৰ নামৰ লোক দুজনৰ এটা কয়লাৰ ভাটাত কামত নিয়োজিত হৈ আছিল পাপু বৰুৱা নামৰ যুৱকজন।
কয়লা খনন আৰু সৰবৰাহৰ বাবে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডিজেল নিবলৈ আহি শোকাবহ মৃত্যুক আকুৱালি ল’ব লগা হয় উক্ত যুৱকজন। উল্লেখ্যে যে পেট্ৰল পামটো নিচেই কাষেদিয়েই ৩৩ হাজাৰ ভল্টেজৰ বৈদ্যুতিক তাঁৰ পাৰ হৈ গৈছে। জানিব পৰা মতে,ইয়াৰ পূৰ্বেও উক্ত স্থানত একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও পেট্ৰল পাম্প বা বৈদ্যুতিক তাঁৰ স্থানান্তৰ নকৰা বাবেই পুনৰ এনে দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
