
হোজাই, ২২ নৱেম্বৰ (হি.স.): হোজাই ৰে’ল ষ্টেচনৰ সমীপৰ পৰা যোৱাকালি আবেলি বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰহবৰাহকাৰী আটক কৰা হয়। গুৱাহাটী স্পেচিয়েল টাস্ক ফৰ্চৰ জালত পৰে ড্ৰাগছসহ অৰ্জুন দাস নামৰ এজন সৰহবৰাহকাৰী।
গোপন সূত্ৰৰ পম খেদি হোজাই ৰে’ল ষ্টেচনৰ ২নং প্লেটফৰ্মৰ সমীপৰ পৰা এছটিএফে আটক কৰিবলৈ সক্ষম হয় ধৃত অৰ্জুনক। আটকাধীন অৰ্জুনৰ ঘৰ লামডিঙৰ হাতীখালিত। যোৱা এসপ্তাহ ধৰি হোজাইত বাহৰ পাতি আছিল ধৃত অৰ্জুন। জব্দকৃত ড্ৰাগছখিনি বিক্ৰীৰ বাবে হোজাইলৈ আনিছিল ধৃত অৰ্জুনে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
